আগকথা

যদা যদাহি ধৰ্ম্মস্য গ্লানিৰ্ভৱতি ভাৰত ।
আয়ুসত্থানৰ্মস্য তদাত্মান সৃজাম্যহম ।।
পৰিত্ৰাণায় সাধুনা বিনাশায় চ দূষ্কৃতাম ।
ধৰ্মসংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে ।।

“যেতিয়াই ধৰ্মৰ হানি হয়, তেতিয়াই মই অৱতাৰ লওঁ, মই প্ৰকট হৈ উঠো। যেতিয়া ধৰাত অধৰ্মৰ প্ৰকোপ বৃদ্ধি হয়, তেতিয়াই মই সাকাৰ ৰূপ ধাৰণ কৰি জনতাৰ সন্মুখত প্ৰকট হওঁ। সজ্জনক ৰক্ষাৰ নিমিত্তে, দুষ্কৃতিক বিনাশৰ বাবে, ধৰ্ম সংস্থাপনৰ অৰ্থে মই যুগে যুগে অৱতাৰ লওঁ।”
ভাগৱতৰ এই বাণীক সৰোগত কৰি ১৯৭৮ চনৰ এটা সোণালী ক্ষণত ঘিলামৰাত জন্ম হৈছিল ঘিলামৰা আঞ্চলিক ৰাস মহোৎসৱৰ। সেইসময়ত ঘিলামৰাৰ প্ৰায় সকলো আগৰণুৱা ব্যক্তিয়েই এই ৰাস মহোৎসৱৰ সৈতে নিজকে জড়িত কৰিছিল। কলেজৰ শিক্ষকৰ পৰা আৰম্ভ কৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰৰ পৰা বেংকৰ কৰ্মচাৰীলৈকে সকলোৱে ঘিলামৰাৰ সাধাৰণ ৰাইজক লগত লৈ অত্যন্ত উৎসাহেৰে এই ৰাস মহোৎসৱ অনুষ্ঠিত কৰিছিল। নেতৃত্বত আছিল তিলক চন্দ্ৰ চেতিয়া আৰু পৱিত্ৰ কুমাৰ বৰুৱা। সম্পূৰ্ণ সত্ৰীয়া সংগীতৰ ওপৰত আধাৰিত এই ৰাসত সংগীত পৰিচালনা কৰিছিল শ্ৰীধৰ বৰুৱাই। প্ৰথমবাৰৰ বাবে কংসৰ ভাৱত অভিনয় কৰিছল লক্ষী দিহিঙ্গীয়াই। অন্যান্য ভাৱত সোনবৰ দত্ত, পবিত্ৰ কুমাৰ বৰুৱা, সৰোজ বৰুৱা আদিয়ে। সেইসময়ত মহাৰাসৰ কৃষ্ণৰ ভাৱত লৰাৰ পৰিৱৰ্তে ছোৱালীয়ে অংশ গ্ৰহণ কৰিছিল।
প্ৰায় ২৫-২৬ বছৰ মান একেৰাহে চলি থকা ৰাস মহোৎসৱটি সঠিক পৰিচালনাৰ অভাৱৰ বাবে বন্ধ হৈ পৰে। পৰৱৰ্তী সময়ত প্ৰায় ২০০৮ চনত গোলাপ গোঁহাইদেৱক সভাপতি আৰু সঞ্জয় ফুকনক সম্পাদক হিচাপে লৈ ঘিলামৰা উন্নয়ন কমিটিৰ উদ্যোগত আৰু ইংগিতৰ সহযোগত ৰাস মহোৎসৱটিয়ে পুনৰ প্ৰাণ পাই উঠে। সেইসময়তে ৰাসত ব্যৱহৃত গীত সমূহ বাণীবদ্ধ কৰাৰ ব্যৱস্থা কৰা হয়। নৱ চেতিয়া আৰু উৎপল ফুকনৰ প্ৰচেষ্টাত হিৰণ্য হাজৰিকাৰ বাসগৃহত অস্থায়ী ষ্টুডিঅ’ স্থাপন কৰি এমাহতকৈ অধিক দিনৰ কষ্টৰ অন্তত গীতসমূহ বাণীবদ্ধ কৰা হয়। গীতত কণ্ঠদান কৰে গুৱাহাটীৰ প্ৰশান্ত ৰাজখোৱা, ঢকুৱাখনাৰ পৰিস্মৃতা ফুকন, লখিমপুৰৰ দীপা দাস, ঘিলামৰাৰ পাপৰি গগৈ, পাৰুল বৰগোঁহাই আদিয়ে। বাদ্যযন্ত্ৰ সংগত কৰে উৎপল ফুকন, প্ৰয়াত কমলা শইকীয়া, জ্যোতিষ গগৈ আদিয়ে। ৰাসৰ এটি স্থায়ী সম্পত্তিৰূপে এই গীতসমূহ থাকি যায়।
কেইটামান বছৰ চলি থকাৰ পাছত ৰাসখন পুনৰ বন্ধ হৈ পৰে। অৱশেষত ২০২৩ বৰ্ষত পুনৰ ইয়াক উজ্জ্বীৱিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হয়।